স্বৰ (বিশেষ্য)
কোমলতা, তীব্রতা, ডাঙৰ-সৰু আদি কৰি কʼব পৰা শ্্ব্দ যি প্রাণীৰ কণ্ঠৰ পৰা ওলায়
কপটপূর্ণ (বিশেষণ)
যʼত কপটতা আছে বা যি কপটতাৰে পৰিপূর্ণ
অভ্যুদয় (বিশেষ্য)
কোনো নতুন বস্তু, কথা, শক্তি আদিৰ উদ্ভৱ হৈ সন্মুখলৈ অহা কার্য
বেষ্টিত (বিশেষণ)
যিটো ঘেৰি থোৱা হৈছে
সমাধিস্তম্ভ (বিশেষ্য)
মুছলমান, খ্রীষ্টান আদি সম্প্রদায়ৰ মৃতকৰ মৰিশালিৰ ওপৰত ওখকৈ সজোৱা ঠাই বিশেষ
গোট (বিশেষ্য)
একে ঠাইতে জমা কৰা বা হোৱা একাধিক বস্তুৰ একত্রিত ৰূপ
ভোদা (বিশেষ্য)
যাৰ বুদ্ধি নাই বা কম
জাড়ু (বিশেষ্য)
দীঘল কাঠি বা আঁহ আদিৰে বনোৱা বিশেষ উপকৰণ, যিহৰ দ্বাৰা মাটি, মজিয়া আদি সাৰে
ধৱল (বিশেষণ)
যি উজ্জ্বল হয়
ঘূৰা (ক্ৰিয়া)
কোনো ঠাইত কৰা ঘূৰা-ফুৰা